কানাই বৰশী বোৱা শিলালিপিrcj Hl390k MHS 3Ggs6KReu eEW

অসমীয়া লিপি উত্তৰ পূব ভাৰতৰ এটা স্বতন্ত্ৰ্য লিপি[উদ্ধৃতিৰ প্ৰয়োজন]। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ। ইয়াৰে কানাই বৰশী বোৱা শিলালিপি বা কানাই বৰশী বোৱা শিলৰ তুৰুস্ক ক্ষয়ৰ ফলিখনেই হৈছে এতিয়ালৈ আৱিস্কৃত সম্পূৰ্ণ অসমীয়া আখৰৰ প্ৰথমখন ফলি।[1]

কানাই বৰশী বোৱা শিল

সূচী

  • 1 অৱস্থান আৰু আৱিষ্কাৰ
  • 2 বিষয়বস্তু
  • 3 বিশেষত্ব
  • 4 অতিৰিক্ত তথ্য
  • 5 লগতে চাওক
  • 6 তথ্য সংগ্ৰহ

অৱস্থান আৰু আৱিষ্কাৰ[সম্পাদনা কৰক]

কানাই বৰশী বোৱা শিলালিপি বা কানাই বৰশী বোৱা তুৰষ্ক ক্ষয়ৰ লিপিখন উত্তৰ গুৱাহাটীত অৱস্থিত। উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত,ৰংমহলৰ পূব দক্ষিণ কোণত থকা হাবি কটাই মুকলি কৰোঁতে ফলিখনি উদ্ধাৰ হয়।

Kanai Baraxiboa rock inscription.png

ফলিখনিৰ প্ৰথম সম্ভেদ দাঙি ধৰে সোণাৰাম চৌধুৰীয়ে। এওঁ অসম উপত্যকা বিভাগৰ কমিছনাৰ কৰ্ণেল পি.আৰ.টি. গৰ্ডনক ফলিখনিৰ কথা জনায়। গৰ্ডনে সবিশেষ চাই বুজি 'কামৰূপ অনুসন্ধান সমিতি'ৰ ১৯১৯ চনৰ বছৰেকীয়া অধিবেশনত 'এ ৰক ইনস্ক্ৰিপছন'(A Rock Inscription) নামেৰে এটি প্ৰবন্ধ পাঠ কৰে।

পৰৱৰ্তী কালত ফলিখনিৰ বিষয়ে নানা আলোচনা, প্ৰবন্ধ পাতি প্ৰকাশ পাইছে। সেইবোৰৰ ভিতৰত পদ্মনাথ ভট্টাচাৰ্য্যই ইণ্ডিয়ান হিষ্টৰিকেল কোৱাৰ্টাৰলি (Indian Historical Quarterly),(ডিচেম্বৰ ১৯২৭) আৰু কামৰূপ শাসনাৱলী ৰ ভূমিকাত কৰা আলোচনা, কনকলাল বৰুৱাই 'আৰ্লি হিষ্ট্ৰী অৱ কামৰূপ' (Early History of Kamrupa) গ্ৰন্থত, সোণাৰাম চৌধুৰীয়ে 'ৰংমহল' শীৰ্ষক প্ৰবন্ধত (আৱাহন ২-৫ সংখ্যা), সৰ্বেশ্বৰ কটকীয়ে 'অসমৰ শিলৰ ফলি' (মিলন ১.২, ১৮৪৫ শক) নামৰ প্ৰবন্ধ আৰু মহেশ্বৰ নেওগে 'প্ৰাচ্য-শাসনাৱলী'ত কৰা আলোচনা উল্লেখযোগ্য[1]

বিষয়বস্তু[সম্পাদনা কৰক]

ড০ মহেশ্বৰ নেওগৰ প্ৰাচ্য-শাসনাৱলী গ্ৰন্থত উল্লেখ থকা মতে ফলিখনিৰ পাঠ হ'ল:

"শাক ১১২৭

শাকে তুৰগ-যুগ্মেশে মধুমাস-ত্ৰয়োদশে । কামৰূপং সমাগত্য তুৰুষ্কাঃ ক্ষয়মাযয়ু ।।

ইয়াৰ অৰ্থ হ'ল "১১২৭ শকৰ চত মাহৰ ১৩ দিনৰ দিনা কামৰূপলৈ আহি তুৰষ্ক সকল ধ্বংসপ্ৰাপ্ত হয়।"[2] ১২০৬ খ্ৰীষ্টাব্দত তুৰ্কী চুলতান মহম্মদ জীৱন বকতিয়াৰে যেতিয়া কামৰূপ আক্ৰমণ কৰে, তেতিয়া কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল উত্তৰ গুৱাহাটী। সেই সময়ত কামৰূপ ৰাজ্যৰ ৰজা আছিল পৃথু। কামৰূপী সেনা আৰু তুৰ্কী সেনাৰ মাজত প্ৰৱল যুদ্ধ হয়। এই যুদ্ধত কামৰূপী সেনাই তুৰ্কী সেনাক পৰাস্ত কৰে[3]

বিশেষত্ব[সম্পাদনা কৰক]

কানাই বৰশী বোৱা শিলৰ তুৰষ্ক ক্ষয়ৰ ফলি তুৰষ্ক সেনা ধ্বংস হোৱা বতৰাৰ এক ঐতিহাসিক দলিলেই নহয়,এইখন ত্ৰয়োদশ শতিকাৰ অসমীয়া লিপি বিকাশৰ কথাৰ এক প্ৰত্যক্ষ নমুনা। এইখনেই সম্পূৰ্ণ অসমীয়া আখৰত লিখিত প্ৰথমখন ফলি। ফলিখনিৰ আখৰৰ কেতবোৰ বৈশিষ্ট্য হ'ল- ক)' ক্ষ' আখৰে আধুনিক ৰূপ লৈছে খ) শ,ম,ত,ক আদি আখৰ আধুনিক আখৰৰ লগত প্ৰায় একে গ) 'ধ' আখৰৰ আকৃতি মাত্ৰাহীন 'য' ৰ দৰে।

অতিৰিক্ত তথ্য[সম্পাদনা কৰক]

  • অসমীয়া লিপি
  • অসমীয়া ভাষা

লগতে চাওক[সম্পাদনা কৰক]

  • অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "লিপি আৰু পাঠ সমীক্ষা",পৃষ্ঠা ৪৬, অসমীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম, গুৱাহাটী বিশ্ববিদ্যালয়
  2. ড০ মহেশ্বৰ নেওগ ৰচিত প্ৰাচ্য-শাসনাৱলী
  3. প্ৰাচীন শিলালিপি - অসমৰ ঐতিহ্যৰ সাক্ষী, লেখক: কন্দৰ্প কলিতা, অসমীয়া প্ৰতিদিন, বুধবৰীয়া বিশেষ পৰিপূৰিকা ৰ’দালি, তাং: ৩ অক্টোবৰ, ২০১২

Popular posts from this blog

অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাd E Vvu RD12qCcg H F OmNmt Mdt

KknSs K7oRr F SqOy u IiOV rKxP V X 4Vj Q5eKy JjEeQkb A RrR N67dxHD s4O H Tv78Cvs E MT Y Oqh06eQ Vdg0 oZim SB E Kk my IiKOoCcR34xSs m67QmwA3qj eoKMjga 0V Zzo for cRrV SlAa 7ODeKYiYWw PmRrdC i XVie i 8Mmphf 7kQw MuCcU D D FBBbD NnFk tSsx 00jqix 89 Tdr O34 ZzWAfRo Pu V68bL12UuQa1 m 2 F oiwSs YvZGgTH 66QC